একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

CLASS-7:ASSAMESE- মেধি তীথলৈ যায়

Thursday, 11 November 2021

 মেধি তীথলৈ যায়

১) উওৰ লিখা 

ক) মেধি ঘৰ কত?

উত্তৰঃমেধীৰ ঘৰ কলিয়াবৰত। 

খ) মেধি সুখ্যাতি কিহত?

উত্তৰঃমেধি গোৱা খোৱাত সুখ্যাতি।

গ) তীৰ্থলৈ যাওতে মেধিয়ে লগত কি নিছিল?

উত্তৰঃ  তীৰ্থলৈ যাওঁতে মেধিয়ে লগত আঢ়ৈকুৰি টকা আৰু লগত ল'লে কানিৰ টেমাটে।  

ঘ) জাহাজত উঠি মেধিয়ে কি অদ্ভুত  দেখিছিল?

উত্তৰঃযেতিয়া মেধিয়ে জাহাজত উঠি তীৰ্থলৈ যায় তেতিয়া পাৰৰ গছবোৰ উভতি গৈছিল,ইয়াকে কবিয়ে অদ্ভুত দেখা বুলি কৈছিল। 

ঙ) মেধিয়ে কিয় একো খাব পৰা নাছিল?

উত্তৰঃজাহাজখনত বঙালে-কঙালে ভৰি থকাৰ বাবে মেধিয়ে একো খাব পৰা নাছিল। 

২) মেধি তীথলৈ যায় পদ্যটিত প্ৰকাশ পোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা ।

৩) তলৰ শব্দকেইটিত কি কাৰণে ‘ ণ ’ হৈছে লিখা : 

পুণ্যঃকিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়।

ভাষণঃকিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ষ হয়। 

 ঋণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

 তৃণঃএকেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। 

 কৃপণঃ একেটা পদতে থকা ঋ, ৰ, ষআৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো বা য, ৱ,হ,ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।  

 কাৰণঃ একেটা পদতে থকা ঋ, ৰ,আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধ্ন্য ণ হয়। 

 নাৰায়ণঃউত্তৰ, দক্ষিণ,চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

 গ্রহণঃ একেটা পদতে থকা ঋ, ৰ, ষআৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো বা য, ৱ,হ,ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

বর্ণঃএকেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।  

৪) ভাব বহলাই লিখা : 

ক ) হস্তীৰাে পিছলে পাৱ সজ্জনৰাে বুৰে নাও।

উত্তৰঃ হাতী শক্তিশালী জীৱ। তাৰ ভৰিও মোটা আৰু শকত। সেয়ে সাধাৰণতে সি পিচল নাখায়। কিন্তু কেতিয়াবা হঠাতে খোজকঢ়াৰ এনে ব্যতিক্ৰম ঘটি যায় যে হাতীও পিছলিবলৈ বাধ্য হয়। সেইদৰে ভদ্ৰ আৰ্থাৎ সজ্জন লোকসকলো সৎ কৰ্ম কৰিয়েই আনৰ হিত সাধন কৰে। কিন্তু তেওঁলোকৰো কেতিয়াবা বি্পদৰ সন্মুখিন হয়। ইয়াকে বুজাবলে উক্ত ফকৰাটি কোৱা হৈছে। 

খ ) অতি ভক্তি চোৰৰ লক্ষণ।

উত্তৰঃ প্ৰত্যেক কথা আৰু কাৰ্যৰে একোটা সীমা থাকে আৰু যেতিয়ালৈ সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিব পায়।সেইদৰে ভক্তিৰো এটা সীমা থাকে।ভক্তিপৰায়ণ লোকসকল সকলোৰে আদৰৰ হয়। যি সকলে বেছি ভক্তি দেখুৱায় তেওঁলোকৰ ভিতৰত কপটতা , বেয়া বুদ্ধি ,থাকে আৰু আনে নজনাকৈ কু-কৰ্ম কৰে। আমি যদি এওঁলোকৰ স্বভাৱৰ কথা গ'ম পাওঁ তেন্তে এওঁলোকৰ পৰা আঁতৰি থকা আমাৰ পক্ষে ভাল ন'হলে কেতিয়াবা ডাঙৰ বিপদত ভৰি দিব লাগিব। ইয়াকে বুজাবলৈ এই ফকৰাটি কোৱা হৈছে।     

[ ৫ ] প্রসংগ - সংগতি দর্শাই ব্যাখ্যা কৰা : 

ক ) পাৰৰ গছবােৰ উভতি লৰিলে , এনে অদভূত নাই , 

       লগুণডালত খামুচি ধৰি মেধি তীর্থলৈ যায়।

উত্তৰঃ     উক্ত কবিতাফাকি আমাৰ 'আপোন পাঠ' নামৰ  পাঠ্যপুথিত থকা কবি 'দণ্ডিনাথ  কলিতাই' ৰচনা কৰা মেধীৰ তীৰ্থলৈ যায় নামৰ কবিতাটোৰ পৰা উৎকলন কৰা হৈছে।

                যেতি্য়া মেধীয়ে তীৰ্থ যাত্ৰালৈ যায় সেই সময়ত জাহাজত যাওঁতে গছবোৰ পিছলৈ যোৱাৰ এক আদ্ভুত দৃশ্য দেখিছিল তাকে বুজাবলৈ এই কবিতাফাকি কোৱা হৈছে। 

    মেধীয়ে তীৰ্থলে যাবলৈ জাহাজত উঠিলে, তেওঁ আগতে কেতিয়াওঁ জাহাজত উঠা নাছিল। সেয়ে তেওঁ এক অদ্ভুত দৃশ্য দেখিছিল যে- পাৰৰ গছবোৰ উভতি গৈছে।  জাহাজখনে ঘোঁৰাৰ গতিত যাবলৈ ধৰিলে। মেধীয়ে নিজৰ লণ্ডণডালকে ধৰি তীৰ্থলৈ যায়।  

খ ) বঙালে - কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায় ? 

      কলপকলপকৈ শুধ শৰীৰে মেধি তীর্থলৈ যায়।

উত্তৰঃ      উক্ত কবিতাফাকি আমাৰ 'আপোন পাঠ' নামৰ  পাঠ্যপুথিত থকা কবি 'দণ্ডিনাথ  কলিতাই' ৰচনা কৰা মেধীৰ তীৰ্থলৈ যায় নামৰ কবিতাটোৰ পৰা উৎকলন কৰা হৈছে।

            মেধী থকা জাহাজখনত বঙালে কঙালে ভৰি আছিল সেয়ে তেওঁ একো খাব পৰা নাছিল ,আৰু শেষত তেওঁ শুধ শৰীৰে তীৰ্থলৈ যায়। 

        মেধীয়ে তীৰ্থলৈ যোৱা জাহাজখনত বঙালে-কঙালে  বিভিন্ন লোক আছিল। জাহাজখন গৈ থাকোতে বালিত সোমাই জাহাজ ৰ'ল। জাহাজখন তিনি দিন ধৰি পানীৰ মাজতে ৰ'ল। মেধীয়ে ধৰ্মৰ ভয়ত তিনি দিনে একো নোখোৱাকৈ তাতে থাকিল সেয়ে তেওঁ অতি দূৰ্বল হৈ পৰিছিল। তথাপিও তেওঁ তীৰ্থলৈ যোৱা আশা এৰা নাছিল। তেওঁ কলপকলপকৈ হ'লেওঁ শুধ শৰীৰে তীৰ্থলৈ যায়।  

 

[ ৬ ] পদ্যটিত ব্যৱহৃত ‘ কানীয়া মেল ’ , ‘ ধুতি গা ’ , ‘ ঘোঁৰাৰ ছুটি' , তামােল খােৱাৰ বেলি ’ — এই বাক্যাংশবােৰৰ তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা 

কানীয়া মেল ঃ যিসকল লোকে কানী মানে ভাং খায়। যেতিয়া এনে বহুত লোকে একেলগে ভাং খায় তাকে কানিয়া মেল বুলি কোৱা হয়।  

 ধুতি গা ঃ যি সকল লোকে ধুতি পিন্ধি ক'ৰ'বালৈ যায় বা কোনো কাৰ্য কৰে তেতিয়া ধুতি গাৰে যোৱা বা কৰা বুজায়। 

 ‘ ঘোঁৰাৰ ছুটিঃ ঘোঁৰাৰ  দৰে বেগেৰে যোৱা।

, তামােল খােৱাৰ বেলি ঃ এখন তামোল খাই শেষ হৈ আন এখন তামোল খোৱালৈ হৈৱা সময়। 

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.