একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

CLASS-7:ASSAMESE-আইদেউ সন্দিকৈ

Thursday, 11 November 2021

 আইদেউ সন্দিকৈ


১) উওৰ লিখা্ঁ

ক) জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী বোলছবি নিৰ্মান কৰিবলৈ ওলাই কোনটো ডাঙৰ অসুবিধাৰ সন্মূখীন হৈছিল বুজাই লিখা্ঁ ?

উত্তৰ ঃজ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বুলছবি নিৰ্মান কৰিবলৈ ওলায় মহিলা শিল্পীৰ ক্ষেত্ৰত এটা ডাঙৰ অসুবিধাৰ সৃষ্টি হৈছিল । সেয়ে তেওঁ আহোম ৰমণী জয়মতী কুঁৱৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ উপযুক্ত মানুহ বিচাৰা নোপোৱাত তেওঁ বৰ চিন্তিত হৈছিল। 

খ) ডিম্ব গোহা্ঁয়ে জ্যোতিপ্ৰসাদ আগৰৱালাক সহায় কৰাৰ উদ্দেশ্যে কি কৰিছিল ?

উত্তৰ ঃ ডিম্ব গোহায়ে জ্যোতিপ্ৰসাদ আগৰৱালাক সহায় কৰাৰ উদ্দেশ্যে তেওঁৰ কেমেৰাৰে সম্বন্ধীয় ভনীয়েক এজনীৰ ফটো তুলি  তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালালৈ পঠায় । দুদিনমানৰ পাছতে ডিম্বই তাইক জাহাজ দেখুৱাৰ চলেৰে জ্যোতিপ্ৰসাদৰ ওচৰলৈ লৈ যায় । 

গ) আইদেউ সন্দিকৈৰ এটি চমু পৰিচয় দিয়া ?

উত্তৰঃ আইদেউ সন্দিকৈৰ জন্ম হয় গেলাঘাট জিলাৰ মহুৰা মৌজাৰ পানীদিহিঙীয়া গাৱত চ'ত মাহত ১৯১৫ চনত। তেওঁ দেউতাকৰ নাম নীলাম্বৰ আৰু মাকৰ নাম মালক্ষী সন্দিকৈ । আইদেউৰ তিনিজন ভায়েক  আছিল যাৰ নাম - কেশৱ, জয়চন্দ্ৰ আৰু মইনা। আইদেউৱেই হৈছে প্ৰথম অসমীয়া বুলছবিৰ মূল নায়িকা । তেওঁক পিছত গাৱৰ ৰাইজে এঘৰীয়া কৰে। তেওঁ গোটেই জীৱন আবিয়ৈ হৈ কটাব লগীয়া হয়। এই মহীয়সী নাৰী ২০০২ চনৰ ১৭ ডিচেম্বৰৰ দিনা ইহলীলা সম্বৰণ কৰে।   

ঘ) ডিম্ব গোহা্ঁই আইদেউ সন্দিকৈ কেন্দ্ৰ কৰি কি গোপন বুদ্ধি সাজিছিল ?

উত্তৰঃজাহাজ দেখুৱাৰ চলেৰে ডিম্বই আইদেউক জ্যোতিপ্ৰসাদৰ ওচৰলৈ নিব ।  

ঙ) আইদেউ সন্দিকৈয়ে কিদৰে নিজ গাৱৰ পৰা আহি চাহ বাগিছা পালেহি?

উত্তৰঃ 

ডিম্ব গোহাঁয়ে আইদেউক জাহাজ দেখুৱাম বুলি মনে মনে লৈ আনিলে। লগত আহিল চেমনীয়া ভায়েক কেশৱ । সিহঁতে গেলাবিল নৈয়েদি নাৱেৰে মহুৰাঘাটৰপৰা ধনশিৰিলৈ আহি জাহাজত উঠি গমিৰিঘাট পালেহি । জাহাজখন হঠাৎ চলিল আৰু বায়েক ভায়েক দুয়োটাই কান্দিবলৈ ধৰিলে । জাহাজ আনটো পাৰ পালেহি গেটেইকেইটা এখন লৰীত উঠি এখন বাগিচা পালেহি । য'ত জ্যোতিপ্ৰসাদ ছিল।  

(চ) ডিম্ব গেহাঁয়ে আইদেউ সন্দিকৈক বুজনি দিবলৈ গৈ কোনখিনি কথা কৈছিল ?

উত্তৰঃ তেওঁ কৈছিল যে-"তোক মই অসমৰ এজন ডাঙৰ মানুহৰ লগত চিনাকি কৰি দিবলৈ পানীদিহিঙীয়াৰ পৰা এই ভোলাগুৰি চাহ বাগিচালৈ লৈ আহিছোঁ। তেখেত হল জ্যোতিপ্ৰসাদ আগৰৱালা। এই নামটো নিশ্বয় শুনিছ নহয় ? ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন ৰণেৱা । চাহাবৰ দৰে নাথাকি দেশ স্বাধীন কৰিবলৈ দেহে-কেহে খাটি কাৰাবৰণে কৰিছে ।  এইজন ব্যক্তিৰ ওচৰলৈ তোক লৈ আহিছোঁ।জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী নামৰ টকী এখন কৰিবলৈ ওলাইছে । এইখনেই অসমীয়ী ভাষাৰ প্ৰথম টকী হব তাত তই নায়িকা হব পৰাটো ডাঙৰ কথা। তোৰ নাম এই জগতত ৰৈ যাব । আমাৰ অসম দেশৰ মূলা গাভৰু, জয়মতীয়ে অসমীয়া জাতিক ৰক্ষা কৰিবলৈ লিজৰ প্ৰাণ দিছিল, জাতিৰ গৌৰৱ বঢ়াবলৈ তই ভাও এটা কৰিব নোৱাৰিবি জানো? "  

ছ) আইদেউ সন্দিকৈৰ দেউতাকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা শুনি কিয় থেৰো-গেৰো কৰিছিল ?

উত্তৰঃকিয়নো সেই সময়ত সমাজৰ বাবে আছিল একেবাৰে নিষিদ্ধ কথা। সমাজখনৰ ভয়তে আইদেউ সন্দিকৈৰ দেউতাকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা শুনি থেৰো-গেঁৰো কৰিছিল। 

জ) “জয়মতী”ৰুপী ছোৱালীজনীৰ পানীত হাহ্ঁ নচৰাৰ দৰে হল-কথাষাৰ বুজাই লিখা্ঁ |

উত্তৰঃসেই 'জয়মতী' ৰূপী ছোৱালীজনীয়ে টকীত অভিনয় কৰাৰ বাবে তেওঁৰ ঘৰখনো ৰািজে এঘৰীয়া কৰিলে। তেওঁলোকৰ মতে ছোৱালীজনীৰ জাত গৈছে, সেয়ে তাই বৰঘৰত সোমাব নোৱাৰে । একেসগে খোৱা-বোৱা-লোৱা কৰিব নোৱাৰিব । ঘৰৰ সন্মুখতে এটা জুপুৰী ঘৰ সাজি ছোৱালীজনীক থাকিব দিয়া হ'ল ।এলেকৈয়ে তাই গোটেই জীৱন আবিয়ৈ হৈ কটাব লগীয়া হ'ল । 

২) বাক্য ৰচনা কৰা্ঁ

পানীত হাহ্ঁ নচৰাঃৰামৰ দেউতাক বেমাৰত পৰাত সিহঁতৰ ঘৰখনত পানীত হাঁহ নচৰা অৱস্থা হৈছে। 

জয়দেউ কাকূতিঃ টকা-পইচা নোহোৱাত মানুহজনে পুতেকৰ চিকিৎসাৰ কাৰনে ডক্তৰৰ ওচৰত জয়দেউ কাকূতি কৰাতো তেওঁ চিকিৎসা নকৰিলে । 

 আলাসৰ লাডুঃ সৌৰভ সিহঁতৰ ঘৰখনৰ আলাসৰ লাড়ু। 

আকাশত চাং পতাঃ কৰ্মত কামত নাহিলে এনে আকাশত চাং পতা কথা ভবা একো কাম নাই । 

 বিধি পথালি দিয়াঃ আনৰ কামত বিধি পথালি দিয়াৰ আমাৰ একো ওপকাৰ নহয় বৰং আনৰ অপ্ৰিয়হে হোৱা যায় । 

 আ্ঁঠুৱাৰ তলৰ মহঃমোৰ কাৰণে সি আঁঠোৱাৰ তলৰ ম'হ । সি মোৰ কথা পেলাব নোৱাৰে। 

গাই বাই চাঃগাই বাই চাইহে কোনো কৰ্মত যোগ দিব লাগে । 

কান বাগৰাঃমই তোমাৰ কতাটো কাণ বাগৰিহে শুনিছো । 

বগলী ভকতঃসি যে বগলী ভকত, গৰু চুৰি কৰি ধৰা পৰাতহে বুজিব পাৰিলো। 

 দাঁতে ওঁঠে নলগাঃ নিলাজক যিমান বেয়াকে নোকোৱা কিয় সি একো যেন বোধ নকৰে। 

দেহে-কেহে খাট ঃআনৰ উপকাৰৰ বাবে দেহে-কেহে খাটিব লাগে । 

 ইহলীলা সম্বৰণ কৰাঃমহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিহে ইহলীলা সম্বৰণ কৰে। 

৩) এটা শব্দত প্ৰকাশ কৰা

একে মাকৰ সন্তান    = সোদৰ, সহোদৰ। 

আনৰ ওপৰত নিৰ্ভয় কৰা লোক = পৰনিৰ্ভৰশীল। 

যাক পৰিহাৰ কিৰিব নোৱাৰি    = অপৰিহাৰ্য।

আনৰ ভাল দেখিব নোৱাৰা লোক  = চকু-চৰহা। 

যাক নিবাৰণ কৰিব নোৱাৰি   =অনিবাৰ্য।  

আগেয়ে নোহোৱা ঘটনা    = দুৰ্ঘটনা ,অঘটন। 

৪) বিপৰীত অথবোধক শব্দ লিখা 

নিৰ্মাণ = ধ্বংশ।

সন্ধি  =বিগ্ৰহ।

গৌৰৱ =অগৌৰৱ।

গৰ্ব =বিনয়।

নিষিদ্ধ =প্ৰচলন। 

গ্ৰহন  =বৰ্জন।

বিপদ  =সম্পদ।

শাস্তি  =পুৰষ্কাৰ।

বাস্তৱ  =কাল্পনিক।

সপোন  = দিঠক।

[ ৫ ] প্রত্যয় ভাঙি দেখুওৱা 

পানীদিহিঙীয়া =পানীদিহিং+ঈয়া। 

সম্বন্ধীয়া= সম্বন্ধ+ঈয়া।

 এঘৰীয়া=  এঘৰ+ঈয়া। 

 গাঁৱলীয়া=গাওঁ+অলীয়া।

 গঞা = গাওঁ+অলীয়া। 

 সামাজিক =সমাজ+ইক।

 বুধিয়ক =বুদ্ধি+অক। 

অসমীয়া =অসম+ঈয়া। 

 ভাৱৰীয়া= ভাওঁ+অৰীয়া। 

 ৰণুৱা =ৰণ+উৰুৱা।

[ ৬ ] ব্যাখ্যা কৰা : 

ক ) 'জয়মতী'ৰ যােগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ সূচনা হল । 

উত্তৰঃ        জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত 'জয়মতী' অসমীয়া প্ৰথম 'টকী'।'জয়মতী'বুলছবিৰ পাছৰ পৰা অন্য টকীবোৰ ৰচনা হয়। এই জয়মতী চিনেমাখন নিৰ্মাণ কৰোতে নানা ঘাট-প্ৰতিঘাত, বাধা-বিঘিনিৰ মাজেৰে চিত্ৰগ্ৰহন সমাপ্ত হয়। যদি ৰূপকোঁৱৰে এই বাট মুকলি কৰি নিদিয়া হয় তেন্তে আমাৰ সমাজত সংস্কৃতিৰ এটা অংশ নাথাকিল হয় যিটো হ'ল অসমীয়া বুলছবি। আৰু সমাজখন এটা স্তৰ পিছ পৰি থাকিল হয় । পুৰণিতে এই সমাজে ছোৱালীক অভিনয় কৰাটো নিষিদ্ধ বুলিছিল কিন্তু বৰ্তমান সমাজে অতি আদৰ সন্মানেৰে আকেৱালি লৈছে । সেয়ে কোৱা হৈছে যে -'জয়মতী'ৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ সূচনা হ'ল।       

খ ) আইদেউ সন্দিকৈ মহীয়সী অসমীয়া নাৰীৰ অন্যতম প্রতিভূ।

উত্তৰঃ     আইদেউ সন্দিকৈৰ দ্বাৰাহে অসমীয়া প্ৰথম চিনেমা জয়মতী নিৰ্মান হয়। এওঁৱেই আছিল জয়মতীৰ মূল নায়িকা। আইদেউ সন্দিকৈয়ে অসম বুৰঞ্জীৰ অন্যতম চৰিত্ৰ জয়মতী আকৌ জীপাল হৈ উঠিল কিন্তু সন্দিকৈৰ পানীত হাহঁ নচৰা অৱস্থা হ'ল। চিনেমাত অভিনয় কৰাৰ বাবে সিহতৰ ঘৰখনক সমাজে এঘৰীয়া কৰে। আৰু তাইক সেই ঘৰখলৰ পৰা একাষৰীয়াকৈ থাকিব দিলে। এই ছোৱালীজনীয়ে গোটেই জীৱন আবিয়ৈ হৈ কটায়। এই মহীয়সী নাৰীগৰাকীয়েই বুলছবিৰ বাট মুকলি কৰি দিয়ে। এওঁৰ নানান ত্যাগৰ ফলত আজিৰ সমাজত বহুতো বুলছবি নিৰ্মান হৈছে। সেইবাবে মহীয়সী  আইদেও সন্দিকৈ অসমীয়া নাৰীৰ অন্যতম প্ৰতিভূ বুলি কোৱা হয়।         

গ ) চাহাবৰ দৰে নাথাকি দেশ স্বাধীন কৰিবলৈ তেখেতে দেহে - কেহে খাটি কাৰাবৰণাে কৰিছে।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ধন-সম্পদেৰে ভৰপুৰ আছিল আৰু বহুটো চাহ বগিচা আছিল  যদিও তেওঁ দেশৰ আৰু দহৰ বাবে খাটিছিল। যেতিয়া দেশ স্বাধীনৰ বাবে সকলেৱে যুজিছিল তেওঁ আছিল সেইসকলৰ ভিতৰত অন্যতম। তেওঁ বহুবাৰ কাৰাবাস খাতিব লগাও হৈছিল। সমাজখনক জগাই তুলিবলৈ তেওঁ বিভিন্ন কবিতা গল্প সংবাদ প্ৰত্ৰৰ দ্বাৰা অনুপ্ৰানিত কৰে। ৰূপকোঁৱৰ দ্বাৰাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰতো বহুত উন্নতিৰ পথত আগবাঢ়িছে। এওঁ অসমীয়া সমাজখনৰ বাবেও বহু অৱদান অগবঢ়াই থৈ গৈছে।       

ঘ ) জাতিৰ গৌৰৱ বঢ়াবলৈ তই ভাও এটা কৰিব নােৱাৰিবি জানাে ? 

উত্তৰঃ  এই কথাষাৰ আইদেউৰ ককায়েকে তাইক 'টকী' কৰাৰ আগতে বুজাইছিল যে- জ্য়োতিপ্ৰসাদ আগৰৱালাই এখন জয়মতী নামৰ টকী কৰিবলৈ ওলাইছে ,এইখনেই অসমীয়া ভাষাৰ প্ৰথম টকী হ'ব। ককায়েক ডিম্ব গেহাঁয়ে তাইক নায়িকা হ'বলৈ আগ্ৰহী কৰি তুলিছিল । তওঁ কৈছিল যে আমাৰ দেশৰ মূলা গাভৰু, জয়মতীয়ে অসমীয়া জাতিক ৰক্ষা কৰিবলৈ প্ৰাণ দিছিল। তই জাতিৰ গৌৰৱ বঢ়াবলৈ এটা ভাওঁ দিব নোৱাৰনে। ইয়াকে বুজাবলৈ উক্ত বাক্যশাৰী কোৱা হৈছে। 

৭ ] কি কাৰণে ‘ ণ ’ বা ‘ ষ ’ হৈছে লিখা : 

ক্ষণঃ কিছুমান শব্দ স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়। 

নির্মাণঃ একেটা পদতে থকা ঋ, ৰ, আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। 

চেষ্টাঃ ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স, মূৰ্দ্ধণ্য ষ হয়। 

গ্রহণঃএকেটা পদতে থকা ঋ, ৰ,ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ,ক-বৰ্গ বা প-বৰ্গৰ কোনো বৰ্ণ বা য, ৱ, হ, ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্যণ হয়।  

 নিষিদ্ধঃই -কাৰান্ত আৰু উ- কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা, সিধ্, সিচ্, লস্, আদি ধাতুৰ দন্ত্য সমূৰ্দ্ধন্য ষ হয়। 

 ৰণুৱাঃকিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়। 

 পূর্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন, মূৰ্দ্ধন্য ণ হয়।  

 স্মৰণঃএকেটা  পদতে থকা ঋ,ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন,মূৰ্দ্ধন্য ণ হয়। 

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.