একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

CLASS-7: ASSAMESE- L-1:: স্বদেশ প্ৰেম

Wednesday, 10 November 2021

 স্বদেশ প্ৰেম

* অৰ্থৰ সৈতে চিনাকী হওঁ আহাঁ

শিলাময়=শিলৰ দৰে কঠোৰ,অনুভূতিহীন

উথলি=ওফন্দি উঠি

বিভূতি=ধন-সম্পত্তি,ঐশ্বৰ্য, বিভৱ

কাঠ-চিত= কঠিন হৃদয় 


১)কবিতাটোৰ সাৰাংশ লিখাঁ।

উত্তৰঃ উক্ত কবিতাটোত পদ্মধৰ চলিহাদেৱে আমাৰ জন্মভূমিৰ কথা বৰ্ননা কৰিছে, যেতিয়া ইংৰাজ কবি চাৰ ৱাল্টাৰ স্কটে আমাৰ দেশ ভ্ৰমণ কৰি উলতি আহে তেতিয়া তেওঁ কৈছিল যে  যিজন মানুহে নিজৰ জন্মভূমিক এবাৰো আপোন বুলি কোৱা নাই তেওঁৰ হৃদয়খন শিলৰ দৰে কঠোৰ, যদি কোনোৱা মানুহে আনৰ দেশৰ পৰা ফুৰি-চাকি উভতি আহোতে যিজনৰ হৃদয়খন স্বদেশ-প্ৰেমেৰে জ্বলা নাই, তেওঁ হৈছে কঠিন হৃদয়ৰ। তেওঁৰ বাবে কোনো গায়কে উৎসাহ কৰি গীত ৰচনা নকৰে বা নাগায়। যদি তাৰ ডাঙৰ উপাধী  বা যিমান ডাঙৰ মানুহে ন'হক কিয় তোওঁৰ জগতত ফটা-ফুটা নাম। তাৰ যিমানে ধন সম্পদ নাথাকক তেওঁৰ কিন্তু কোনো সন্মান নাই। এই ধৰণৰ লোক স্বাৰ্থপৰ, দুৰকপলীয়া ইহঁতে জীৱনত খ্য়াতি নাপায়। এওঁলোকে দুগুনে মৰিব আৰু ধূলিৰ লগত নিলি যায় চিনচাব নাইকীয়া হ'ব আৰু ইহঁতৰ বাবে কোনেও চকুলো নোটোকে আৰু সন্মানো নকৰে, কবিসকলে কেতিয়াও এনে লোকৰ গুণ-গৰিমাক লৈ কবিতা ৰচনা নকৰে। যি সকলে নিজৰ জন্মভূমিক প্ৰেম কৰে তেওঁলোক ধন্য়।      

২) স্বদেশ-প্ৰেমমূলক কবিতা বুলিলে কি বুজা?

উত্তৰ: যিবোৰ কবিতা নিজৰ দেশক লৈ ৰচনা কৰা হয়। অৰ্থাৎ নিজৰ দেশখনৰ গুণ-গৰিমাৰ আৰু নিজৰ ভালপোৱাক লৈ ৰচনা কৰা কবিতা   

৩) প্ৰথমে কোৱা তাৰ পাছত লিখাঁ।

ক) কবিয়ে কাক শিলাময় বুলিছে?

উত্তৰ: যিসকল লোকে নিজৰ জন্মভূমিক এবাৰো নিজৰ আপোন বুলি ভবা বা কোৱা লাই, তেওঁলোকৰ হিয়া শিলাময় বুলি কবিয়ে কৈছে ।    

খ) কাৰ গুন গাবলৈ গায়কৰ উচ্ছ্বাহ উথলি নুঠে?

উত্তৰ:  যি লোক জন্মভূমিৰ প্ৰতি কঠিন হৃদয়ৰ তেওঁলোকৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উথলি নুঠে।

গ) কোনবোৰ মানুহ ধুলিৰ লগত মিলি যাব আৰু কিয়?

উত্তৰ: যিবোৰ লোক স্বাৰ্থপৰ আৰু দুৰকপলীয়া সেইসকল মানুহ ধূলিৰ লগত মিলি যাব কিয়নো স্বদেশৰ প্ৰতি এওঁলোকে কোনো সহানুভূতি আৰু ভালপোৱা প্ৰকাশ কৰা দেখা নাযায় ।  

৪) প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰাঁ।

তাৰ বাবে কেৱেঁ আৰু নোটোকে চকুলো

কেৱেঁ তাক নকৰে সন্মান;

কবিয়ে ৰচি নকৰে নকৰে

কেতিয়াও তাৰ গুন গান।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ 'আপোন পাঠ' নামৰ পাঠ্যপুথিখনৰ অৰ্ন্তগত 'পদ্মধৰ চলিহাদেৱে' ৰচনা কৰা 'স্বদেশ-প্ৰেম' নামৰ পৰাউৎকলন কৰা হৈছে।

            এই 

৫ . অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ-প্ৰেমমূলক কবিতাৰ নাম লিখা।

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.