একাগ্রতা

অভিভাৱক তথা ছাত্র-ছাত্রী সকলে সহজে গোটেই কেইটা বিষয়ৰ সমাধান পাবৰ বাবে "জ্ঞানজ্যোতি" এক ক্ষুদ্র প্রয়াস ।

দৃঢ়-সংকল্প

খেলৰ মাধ্যমেৰে শিক্ষা - এক উপযুক্ত শিক্ষণ পদ্ধতি ।

নিয়মানুবর্তিতা

নিয়মিত ভাৱে পঢ়া-শুণা কৰাক সহজ কৰাৰ বাবে আমাৰ এই পদক্ষেপ
 

Class 7 Social Science Question Answer AJB :: Lesson 18 -- উত্তৰ-পূব ভাৰতৰ ভূগোল

Thursday, 11 November 2021

 

উত্তৰ-পূব ভাৰতৰ ভূগোল । Lesson 18 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |

Lesson 18

উত্তৰ-পূব ভাৰতৰ ভূগোল


১ । উত্তৰ লিখাঃ

( ক ) উত্তৰ-পূব ভাৰতৰ অৱস্থিতি লিখা ।

উত্তৰঃ  উত্তৰ-পূৱ ভাৰতৰ ২০° উত্তৰ অক্ষাংশৰ পৰা ২৯° ৩০ মিনিট উত্তৰ অক্ষাংশলৈ আৰু ৮৯° ৮৬ মিনিট পূব দ্ৰাঘিমাংশৰ পৰা ৯৭° ৩০মিনিট পূব দ্ৰাঘিমাংশলৈ বিস্তৃত ।

( খ ) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা লিখা ।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ চাৰিসীমা - উত্তৰ ভূটান আৰু তিব্বত , পূৱত ম্যানমাৰা দক্ষিনত বাংলাদেশ আৰু পশ্চিমত পশ্চিমবংগ আৰু বাংলাদেশ ।

( গ ) কি কি ৰাজ্যৰে উত্তৰ - পূব ভাৰত গঠিত ? 

উত্তৰঃ  অসম, অৰুনাচল প্ৰদেশ, নাগালেণ্ড মনিপূৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয়।

( ঘ ) উত্তৰ - পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্র কেইখনৰ নাম লিখ । 

উত্তৰঃ উত্তৰ-পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্ৰ কেইখনৰ নাম হল---

(১) ভূটান 

(২) চীন 

(৩) ম্যানমাৰ আৰু 

(৪) বাংলাদেশ


( ঙ ) অসমৰ সমভূমিৰ মাজেৰে বৈ যােৱা নদী দুখনৰ নাম লিখা । 

উত্তৰঃ অসমৰ সমভূমিৰ মাজেৰে বৈ যােৱা নদী দুখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ  আৰু বৰাক।


২। খালী ঠাই পূৰ কৰাঃ

( ক ) উত্তৰ-পূব ভাৰতৰ কেৱল অসম ৰাজ্যই ভাৰতৰ লগত সংযােগ হৈ আছে । 

( খ ) অৰুণাচল প্রদেশৰ সর্বোচ্চ শৃংগটোৰ নাম নামচা বাওৰা। 

( গ ) নগালেণ্ডৰ পূব সীমাত পাটকাই পর্বত আছে । 

( ঘ ) অসমৰ শুৱালকুছি বয়ন শিল্পৰ বাৰে বিখ্যাত । 

( ঙ ) ঝুম কৃষিক স্থানান্তৰিত  কৃষি বুলিও কোৱা হয় । 


৩। উত্তৰ - পূব ভাৰতৰ কৃষিৰ বিষয়ে লিখা । 

উত্তৰঃ সমগ্ৰ ভাৰতেই কৃষিৰ ওপৰত নিৰ্ভৰশীল উত্তৰ পূৰ্ৱাঞ্চলৰো প্ৰায় ৭০. ৩০ শতাংশ লোক কৃষিৰ ওৰত নিভৰশিল। উত্তৰ-পূব ভাৰতৰ সকলো শস্যৰ ভিতৰত ধানৰ উৎপাদনেই  বেছি। অসমৰ চাহ উৎপাদনৰ ভাৰতৰ ভিতৰতেই বেছি ইয়াৰ উপৰিয়ো অসমত বাকী কেইখন ৰাজ্যৰ তুলনাত ধান, মৰাপাত, ঘেঁহু আদি খেতি কৰা হয় আনহাতে মেঘালয় কপাহ আৰু ত্ৰিপুৰা ৰবৰ উৎপাদনত আগবঢ়া।


৪। উত্তৰ-পূব ভাৰত উদ্যোগৰ ক্ষেত্ৰত কিয় পিছপৰা ?

উত্তৰঃ  উদ্যোগৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰত পিচপৰি আছে । পাহাৰীয়া হোৱা কাৰণে য়াতায়ত ব্যবস্থা অনুনত। মেঘালয় মিজোৰাম মনিপুৰ অৰুনাচলত আজিও ৰেলপথ ব্যৱস্থা নাই। পাহাৰে আৱৰি থকা কাৰণে উদোগৰ স্থাপনৰ বাবে মেচিন আৰু কেঁচামাল অনাত অসুবিধা হয়।

0 comments:

Post a Comment

Lorem

Please note: Delete this widget in your dashboard. This is just a widget example.

Ipsum

Please note: Delete this widget in your dashboard. This is just a widget example.

Dolor

Please note: Delete this widget in your dashboard. This is just a widget example.