শিল আৰু মাটি | Lesson 16 | Class 7 Social Science Question Answer AJB | Assam Jatiya Bidyalay |
১। উত্তৰ লিখা :
( ক )শিল বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগক শিল বুলি কোৱা হয়।
( খ )শিলৰ ভাগ কেইটা আৰু কি কি ?
উত্তৰঃ শিলৰ ভাগ তিনিটা আৰু
সেয়া হ'ল-
(i) আগ্নেয় শিল বা প্ৰাথমিক শিল (ii) গেছীয় শিল (iii) ৰূপান্তৰিত শিল।
( গ )আগ্নেয় শিলক কিয় প্রাথমিক শিল বুলিও কোৱা হয় ?
উত্তৰঃ পৃথিৱীৰ প্ৰথম অৱস্থাত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বুলি কোৱা হয়।ইয়াকে প্ৰাথমিক শিল বুলিও কোৱা হয়।
( ঘ )গেদীয় শিলত কিয় জীৱাশ্ম পােৱা যায় ?
উত্তৰঃ পানীত থকা গেদবোৰ বৰষুণ নৈয়ে উটুৱাই অনা বাবে এনে শিলত গছ-গছনি আৰু মৰা জীৱৰ অৱশিষ্ট সাঁচ হিচাপে থাকে।গেদীয় শিলত পোৱা সাঁচবোৰক জীৱাশঅম বোলে।
( ঙ ) ৰূপান্তৰিত শিল কাক বােলে ?
উত্তৰঃ আগ্নেয় শিল আৰু গেদীয় শিল বহুদিন পৰি থাকিলে ভূকত্বকত বহুদিন ধৰি পৰি থাকিলে তাপ আৰু চাপৰ ফলত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটি এওবিধ নতুন শিলৰ সৃষ্টি হয়।এনে শিলক ৰূপান্তৰিত শিল বোলা হয়।
( চ )মাটি বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱীখনৰ খোলাটোৰ একেবাৰে ওপৰৰ তৰপটোকে মাটি বোলে।
( ছ )অৱশিষ্ট মাটি কাক বােলে ?
উত্তৰঃ শিলবোৰৰ বিভিন্ন কাৰকৰ দ্বাৰা জহি-খহি তাৰ ওচৰে পাাজৰে জমা হৈ সৃষ্টি হোৱা মাটিক অৱশিষ্ট মাটি বোলে।
( জ ) অপৈণত মাটি কাক বােলে ?
উত্তৰঃ একেবাৰে সম্পূৰ্ণকৈ গঠন হোৱা মাটিক অপৈণত মাটি বোলে।
( ঝ ) ল’ৱেছ বুলিলে কি বুজা ?
উত্তৰঃ মৰুভূমিৰ বালি, মাটি বতাহে উৰুৱাই নি কাষৰ অঅঞ্চলত জমা কৰাৰ ফলত সৃষ্টি হোৱা নতুন মাটিৱেই অপসৃত মাটি।এনে মাটিক আন এটা নাম ল'ৱেছ।
২। শিলক কি কি কামত ব্যৱহাৰ কৰা হয় লিখা ।
উত্তৰঃ শিলৰ ব্যৱহাৰঃ ঘৰ-দুৱাৰ, নদীৰ বান্ধ দলং, স্মৃতিসৌধ আদি বনোৱাত গ্ৰেনাইট ব্যৱহৃত হয়।বিশ্ববিখ্যাত তাজমহল মাৰ্বল পাথৰেৰে তৈয়াৰ কৰা হৈছিল।নিছ শিল দলং আৰু বান্ধ নিৰ্মাণত ব্যৱহৃত হয়।ৱেছল্ট ৰাস্তা-ঘাট, ৰেলপথ আদি বনোৱাত ব্যৱহৃত হয়।চূণশিল টিৱনপাত, চিমেন্ট আদি প্ৰস্ত্তত কৰোতে ব্যৱহৃত হয়।
৩। মাটিৰ লগত জীৱৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মাটিৰ লগত জীৱৰ সম্পৰ্কঃ
পৃথিৱীখনৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটোক মাটি বোলে।ইয়াতে মানুহে ঘৰ সাজে, জীৱন - ধাৰণৰ বাবে খেতি বাতি কৰে। যাতায়তৰ বাবে আলি-পদূলি সাজে।মাটিয়েই খামোচ মাৰি ধৰি হাবি-জংঘল, গছ-গছনি বৰ্তী আছে।তাপ, পানী, বৰফ আৰু বতাহৰ প্ৰভাৱত পৃথিৱীৰ শিল ক্ষয় হৈ মাটি গঠন প্ৰক্ৰিয়া আৰম্ভ হয়।মাটিৰ গঠনত জলবায়ু মাটিত থকা জীৱসমূহ আৰু সময়ৰ অভাৱ যথেষ্ট।
৪। মাটিৰ শ্রেণী বিভাগ কৰি প্রত্যেকৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মাটিৰ শ্ৰেণী বিভাগ (i) অৱশিষ্ট মাটি (ii) অপসৃত মাটি (iii) পৈণত আঞ্চলিক মাটি (iv) আন্তঃ আঞ্চলিক মাটি (v) অপৈণত মাটি।
(i) অৱশিষ্ট মাটিঃ
শিলবোৰ বিভিন্ন কাৰকদ্বাৰ জহি-খহি তাৰ ওচৰে-পাজৰে সৰা জমা হৈ সৃষ্টি হোৱা মাটিক অৱশিষ্ট মাটি বোলে।
অপসৃত মাটিঃ
শিল এটা বিভিন্ন কাৰকৰ প্ৰভাৱত জহি-খহি যি মাটি হয় সেইখিনিক নদীৰ সোঁত, বতাহ-বৰষুণে নি আন ঠাইত জমা কৰিলে সেই মাটিক অপসৃত মাটি বোলে।
পৈণত আঞ্চলিক মাটিঃ
কোনো অঞ্চলত জলবায়ুৰ কাৰকবোৰ (ৰ'দ,বতাহ,বৰষুণ আদিৰ) ফলত ফলত সৃষ্টি হোৱা মাটিক পৈণত আঞ্চলিক মাটি বোলে।
আন্তঃআঞ্চলিক মাটিঃ
পৃথিৱীৰ কোনো কোনো অঞ্চলৰ মাটি বিশেষ ৰাসায়নিক গুণবিশিষ্ট শিলৰ পৰা গঠিত হয়।এনে মাটিক আন্তঃ আঞ্চলিক মাটি বোলে।
অপৈণত মাটিঃ
অপৈণত মাটি হ'ল একেবাৰেই সম্পূৰ্ণকৈ গঠন হোৱা মাটি।ইয়াক পৰ্বত-পাহাৰৰ নামনি অঞ্চলত নদীৰ তলত, মৰুভূমি আৰু হিংবাহৰ নামনি অঞ্চলত পোৱা যায়।
0 comments:
Post a Comment